পৃষ্ঠা:ধৰম গিত.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
স্বৰগৰ সুখ।

১৩৮

Joys of Heaven.
Rock of Ages. 7.

ইস্বৰৰ জি পৰম ঠাই,
 তাত নাই কোনো কালে খই,
সেই থান সাধু লোকে পাই
 থাকিব আনন্দমই।

দিনে ৰাতিএ স্তুতি গান
 সদাই সুনি সুন্দৰ সুৰ;
প্ৰিতিৰ বাহিৰ তাত নাই আন,
 সকল মুখে প্ৰেম প্ৰচুৰ।

সুনা, সুনা দুতৰ গান,
 কেনে সুন্দৰ সুৰে গাই!
সিবিলাকৰ সকল মন
 থাকে বৰ আনন্দ সদাই।

ঠাই জেন পাঁও হে প্ৰভু তাত,
 সুচি কৰা মন আমাৰ;
সাৰি পাপ সকলৰ হাত।
 কৰিম স্তুতি গুন তোমাৰ।   ন. ল