পৃষ্ঠা:ধৰম গিত.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
ধৰমিৰ সুখৰ গতি।

১৩২

Happy Portion of the Saints.
Green's Hundredth. L. M.

জগতৰ সকলো ৰজা
 ইস্বৰৰ ভ্ৰিত্যৰ ন হই সম;
সংসাৰৰ মান ও মৰ্জতা
 জি ভুঞ্জে সি নিচই অধম।

স্বৰ্গৰ জি দুখি জাত্ৰিক লোক,
 এই কালে অতি সৰু হই;
তেও জেতিয়া পৰলোকে জাই,
 ভুঞ্জিব সুখ অনন্ত অখই।

সিবিলাক তাত অজৰ অমৰ
 হই ৰজা আৰু পোৰোহিত,
অনন্ত কিৰিটি পিন্ধাই
 ইস্বৰে কৰিব ভুসিত।

তাত হৰ প্ৰভুৰ কিৰিটিত
 জিলিকা মুকুতা অখই,
সোনাৰ বিনেৰে গান ধৰি
 কই, প্ৰভু হৈচে আমাৰ জই।