পৃষ্ঠা:ধৰম গিত.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰম শাস্ত্ৰৰ গুণ।

তাক মই খাইচোঁ ত্ৰিপ্তি মানে,
 কেতিয়াও নাই আমনি তাৰ;
মৰা খ্ৰিষ্টক ভোজন পান,
তাৰে ৰখ্যা কৰোঁ প্ৰান।

মনৰ কোনো বিৰাম হলে,
 ইয়াত স্বস্তৰ ঔসধ পাঁও;
বিস্বাস ক্লান্ত হৈ ৰহি গলে,
 তাৰে মনৰ সান্ত কৰাঁও,
সাস্ত্ৰত জি জি অঙ্গিকাৰ,
কেৱল সেই মোৰ উপকাৰ।

জুধৰ পৰিখাৰ সময়ত
 ইয়াক লৈচোঁ বুকত ঢাল;
কঁপি চইতান পলাই ভয়ত
 দেখি আত্মাৰ তৰোআল;
সি দুধৰিয়া চোকা হই,
কৰে সত্ৰুক পৰাজই।

ধনৱন্তৰ জি সম্পতি
 দিনে ৰাতি লোভে চাই,