পৃষ্ঠা:ধনন্তৰী বধ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ধনন্তৰী বধ


স্বৰ্গ মৰ্ত্ত্য পাতালত যত নাগ বৈসে।
সবে নাগ-চলি আইলা পদ্মাৰ আদেশে?
নাগ দেখি পদ্মাবতীৰ হৰষিত মন।
সবে নাগে বনে আসি পদ্মাৰ চৰণ॥
পদ্মা বোলে শুনা নাগ শীঘ্ৰে চলি যোৱা।
চান্দোৰ ছয় কুমাৰক দংশি আসা গৈয়া॥
তাক শুনি নাগগণ লাগে কহিবাৰে।
কোন নাগ যাইবা লাগে আজ্ঞা দেহ তাৰে॥
এত শুনি হৰষিত হৈলা পদ্মাবতী।
ছয় নাগ আজ্ঞা পদ্মা দিলা শীঘ্ৰগতি॥
ছয় নাগে পদ্মাবতীৰ বন্দিলা চৰণ।
চম্পক নগৰ বুলি কৰিলা গমন॥
ৰাজ্যে ৰাজ্যে চন্দ্ৰধৰ দিয়াছে ঘোষণা।
এক সৰ্প মাৰি দিলে লক্ষ তোলা সোণা॥
বেজ হৈয়া যাইতে নাৰে চন্দ্ৰধৰৰ ডৰে।
গণ্ডকীৰ তীৰত ৰহিলা নাগবৰে॥
ছয়পুত্ৰ চন্দ্ৰধৰৰ কৰাই আছে বিয়া।
ছয় পুত্ৰৰ ছয় বধু বাঁ‌ৰী কৰ গৈয়া॥
কাল পাণ্ডু দুই নাগে ভ্ৰমৰা ৰূপ ধৰি।
উৰা দিয়া পৰে গৈয়া শ্ৰীধৰৰ পুৰী॥
সুগন্ধ পুষ্পৰ মালা লাগিল সুঙ্গিতে।
সেহিক্ষণে নাসিকাত মাৰিলেক খোটে॥
কামোৰ মাৰিয়া নাগ হৈ গৈলা অন্তৰ।
প্ৰথমে মাৰিলা পুত্ৰ নামত শ্ৰীধৰ॥