পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ধনন্তৰী বধ।

বোলে ধনন্তৰী ওজা মোৰ পতি হয়।
সুন্দৰ শৰীৰ তাৰ অগনিত হৈলা ক্ষয়॥
সি কাৰণে আইলো আমি ঔষধ পেলায়।
চিন্তিত হৈলো গুৰু তোমাক দেখিয়া॥
ধনন্তৰী বোলে ধনা প্ৰমাদ পৰিলা।
কপট কৰিয়া পদ্মা আমাক চলিলা॥
ধনন্তৰী বোলে ধনা শীঘ্ৰে চলি যোৱা।
যথাত পেলাইছা ঔষধ আনহ তুলিয়া॥
ঔষধ আনিতে ধনা শীঘ্ৰে লৰ দিলা।
পদ্মাই নেতাবতীক কহিতে লাগিলা॥
নেতা বোলে শুনা বৈনী জয় বিষহৰি।
আৰু বাৰ শিষ্য পঠাইলা ধনন্তৰী॥
নেতাৰ বচন পদ্মা শুনিয়া শ্ৰবণে।
চিলা ৰূপ ধৰি ঔষধ হৰিলা তেখনে॥
বিচাৰিয়া ধনা মনা ঔষধ নাপাইলা।
আসিয়া ধনা মনা ওজাৰ আগে কৈলা॥
ধনা বোলে শুনা গুৰু কহো তোমাৰ ঠাই।
বিচাৰি চাহিলে তাত ঔষধ নাপাই॥
ধনন্তৰী বোলে ধনা শীঘ্ৰে যাহ হাটী।
শীঘ্ৰ কৰি আনা গৈয়া সিস্থানৰ মাটি॥
মাটি আনিবাৰ তৰে ধনা লৰ দিলা।
হুঙ্কাৰ মাৰিয়া পদ্মা কুণ্ডক স্ৰজিলা॥