সমললৈ যাওক

পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
ধনন্তৰী বধ।

দিহা—মন ভজ নাৰে হৰিৰ পৰম পদে জপ নাথে॥

ধনন্তৰী বোলে শুনা আমাৰ বচন।
গন্ধমাদনক দুয়ো কহ গমন॥
গিৰি গন্ধমাদন সৰ্ব্ব লোকে জানি।
তাহাত ঔষধ আছে জীব সঞ্চাৰিণী॥
নয় শৃঙ্গ ধৰে গিৰি অদ্ভুত নিৰ্ম্মাণ।
প্ৰথম শৃঙ্গত আছে মহাদেবৰ স্থান॥
আৰ শৃঙ্গে উদয় কৰম্ভ শশধৰ।
আৰ শৃঙ্গে তিন কোটী গন্ধৰ্ব্বৰ ঘৰ॥
আৰ শৃঙ্গে আছে তাৰ খৰতৰ নদী।
নদীৰ কুলত আছে মৃত্যুৰ ঔষধী॥
অস্থি সঞ্চাৰিণী আৰ বিশল্যকৰণি।
মৃত্যু সঞ্জীবনী আৰ জীৱ সঞ্চাৰিণী॥
নীল বৰ্ণ ফুল তাৰ পিঙ্গলবৰ্ণ পাতা।
হৰিদ্ৰাৰ বৰ্ণ ডান স্বৰ্ণ বৰ্ণ লতা॥
ঔষধ নিচিনা যদি শুনহ বচন।
যিমতে চিনিবা ঔষধ শুনা বিবৰণ॥
দুই গোটা পোড়া মৎস্য দুই হাতে লৈয়া।
প্ৰতি গাছে গাছে মাছ ফুৰিবা চোৱাইয়া॥
যেহি গাছ পৰশনে বৰ্ত্তি উঠে মাছ।
ডালে মূলে উৰি আনিবা সেহি গাছ॥
সেহি গাছ আনা সিদ্ধি হৈবেক আমাৰে।
তবে পদ্মাবতী বাদ সাধিতে নাপাৰে॥