পৃষ্ঠা:ধনন্তৰী বধ.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ধনন্তৰী বধ। খনন্তৰী নামে ওজা শঙ্খপুৰে ঘৰ। মোৰ সনে বাদ কৰি জীয়াই কুমাৰ। মুনি মুখে শুনি আছে পুৰাণ কথন। উদয়কাল নাগে খাইলে ওজাৰ মৰণ॥ পদ্মৰ বচন শুনি দেব ত্ৰিলোচন। কহিতে লাগিল তবে পদ্মা বিদ্যমান। যেতিক্ষণে সাগৰ মথিলা দেবগণে। তৈসানি জন্মিলা ওজা জানে ত্ৰিভুবনে। লোক উপকাৰী ওজা জানিহ নিশ্চয়। হেন ওজা বধিবাৰে উচিত নহয়॥ শিবে বোলে শুনা তুমি জয় বিষহৰি। ওজাক বধিতে নাগ দিবাক নপাৰি। বাপৰ শুনিলা পদ্ম নিৰ বচন।। শোকাণে পদ্মাবতী যুৰিলা ক্ৰন্দন। নাৰায়ণ দেবে কয় যোডশ পাচালি। পদ্মৰ ক্ৰন্দন বুলি একই লেছাৰি | দিহা-অনেৰে কান্দেতে পদ্মাবতী বাপৰ গোচৰে। উদয় কাল নাগ দেহ ওজাক বধিবাৰে। মাও নাই বাপা হৰ তাৰো নাই দায়। শোকাণে কালে পদ্ম ভূমিত পড়িয়া।