পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেৱধ্বনি

( ৫৮ )


লুইতৰ পাৰতে পৰ্ব্বতৰ আঁৰতে
ওখকৈ পাতিছিল গৰা,
চিকুণ চিকেমিকি বগী ঢকে-ঢাকী
পৰিছিলে বালি ডৰা;
ন-কৈ চাপৰি পৰি লুইতত
ন-কৈ গজিলে ঘাঁহ,
মোৰে মন-পখি
নকৈ সাজিলে বাঁহ;
বলিলে পছোৱাৰ বা’—
ওপৰে ওপঙিল কলী মেঘ চমকা,
পানীতে জিৰালে ছাঁ;-
বালি তলে হল, গৰা খঁহি গল,
বৈ গল লুইতৰ ধল,
বুৰি গল বাঁহ খন উৰি গল পখিকণ
কান্দি ৰল দুখীয়া মন :

কাতি, ১৮৫৪ শক]