পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি


(২২)

আকৌ ঘূৰি মৰা সুঁতিত
   উঠিল নতুন বান—
নিছলা তোৰ  এৰা-বাৰীত
   শুনো উছৱ-গান।

কান্দোনত তোৰ  খলক লাগি
অন্তৰ্য্যামীৰ  নিদ্ৰা ভাগি
জগত-জুৰি  পুনু জাগি
   উঠিল মহা-প্ৰাণ।

উৰে সাম্য  মুক্তি-ধ্বজা
পোহৰ কৰে  দুখীৰ পঁজা,-
দিন-বনুৱা  পাইক-প্ৰজা
   সিও শক্তিমান।

বাকি নাই তোৰ দুখৰ দিন
নতুন সুৰে  বাজে বীণ
নহৱ কেও  দীন-হীন
   বিশ্ব-পিতাৰ নিঃস্ব দান।

মাঘ, ১৮৫৫ শক ]