এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
(১৩)
পছিম ফালে ক’লামলা
বৰণ কৰে ঘোৰ,—
চকা-চকি মেঘে ঢাকি
গাজে গুৰ্-গুৰ্৷
পচোৱাৰে ফেৰ পাতি
ঢৌৱে কোবায় দীঘল ছাটি,
টলং ভটং নাও খনি চম্ভালিবি তোৰ—
অ’ গুৰিয়াল, ই বেলি চোন
ভালকৈ ৰখা গোৰ।
কেউ পিনেদি তৰাস লাগে,
পাৰৰ পথিক বিদায় মাগে,
ওন্দোল-মোদোল কাল সন্ধিয়াই ধৰে বিকট ৰূপ!
লক্ষ বিপদ বেঢ়ি খৰে,
তই গুৰিয়াল অকলশৰে—
অকলে যুঁজ জিকিবি তই, নহবি বিমূঢ়।
বহাগ, ১৮৪৩ শক ]