পৃষ্ঠা:দেৱ-ধ্বনি.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(১২)

জাগ জাগ বনুৱা চহা দুখীয়া,
 নিছলা হজুৱা দুৰ্ভগীয়া
 ভাই, চহা-বনুৱা।
কিনো আশা কৰি
 চোৰৰ আশ্ৰয় ললি,
কোননো হল বাৰু তোৰ ফলীয়া?
 ভাই দুৰ্ভগীয়া!
মুখৰো গৰাস যে নিয়ে কাঢ়ি,
চাই ৰৱ নিৰুপায় পৰৰ ভাৰী,
হলি জনম-বন্ধা  বহতীয়া
 ভাই, দুৰ্ভগীয়া!
তোৰেচোন কামধেনু আনে নিয়ে দুই
তইচোন সেপ ঢুকি
 চাই ৰলি দুখী
 পেটৰ নুনুমাল জুই—
যাৰ হকে খাটি  আছ দিনে ৰাতি
 মজুৰি কীল-লাঠি
 সিয়ে শোধায়;—
 দুখ কোনে খণ্ডায়?
নিজে বিচাৰ উপায়,
 ভাই, দুৰ্ভগীয়া।

চ’ত, ১৮৫২]

-