পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 (১)
তোল পতাকা তোল,
জম্মভূমিৰ পুণ্য চানেকি
জাতীয় পতাকা তোল,
প্ৰাণ-প্ৰতিষ্ঠাৰ  মহা প্ৰতিজ্ঞাৰ
উঠক বিৰাট ৰোল!
মৃন্ময়ী আই মাতৃ ধৰণী
চিন্ময়ী হক জগত জননী
বিস্তাৰি ফণা দলিতা ফণিনীৰ
শূন্যে প্ৰসাৰি ৰসনা লোল!
অন্তৰীক্ষে উৰ নিছানা,—
শক্তি মুক্তি মনস্কামনা,
জীৱন-মৰণ-পণ ঘোষণা,—
হৃদয়-দুৱাৰ খোল।
কদাপি নহয় নত জাতিৰ সম্মান
মানৰ কাৰণে দিব আত্মবলিদান
কোটি কোটি ভক্তৰ
হৃদয় ৰক্তৰ
গৌৰৱৰঞ্জিত মহীয়ান
জিলিকিব ৰাঙলি বোল॥

আহাৰ, ১৮৫৩ শক]