এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অন্তৰৰ নিৰলত আশ্ৰয় মাগি
আলহী ৰইছে যিটি বীণ-বৰাগী
সেয়ে মাথো অসময়ে, দুপৰ নিশা
জাগি উঠে দিগ্-ব্যাপী ভেদি তমসা;
সুৰে কণ্ঠৰোধ কৰে, নিস্ফল শ্ৰম—
কিবা যেন অশ্বস্তিৰ অৰ্থহীন ভ্ৰম!
যদিও সি হাহাঁকাৰ বাতুল-বিকাৰ
তেও যেন তাকে কৰে সত্যই স্বীকাৰ;
—শব্দ-ভেদী, কঁপি উঠে দেৱাঙ্গ বীণা
সুদূৰত কান্দে তাৰ সুৰ-মূৰ্চ্ছনা,
আহে সেই হেন্দোলনি ৰিণিকি ৰিণি
—সৰগত শুনো যেন দেৱধ্বনি!