পৃষ্ঠা:দীপিকা ছন্দ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৭৭ )


হেন দেখি কলিৰ সংশয় বড় ভৈলা।
কাম ক্ৰোধ অহঙ্কাৰ যম ঘৰে গৈলা॥ ৭৯৪
বড় বড় বীৰৰ কৰিলা কন্ধপাত।
খানিতেকে আমাৰ গাৱত দেই হাত॥ ৭৯৫
কোন বীৰ গোট আক কহিয়ো বিচাৰি।
যুদ্ধৰে নপাৰি আক কথাৰেসে পাৰি॥ ৭৯৬
যদি কথা হন্তে মোক কৰয় ছেদন।
তেবে জানো আমাক ৰাখয় কোন জন॥ ৭৯৭
যত মান বীৰ মোৰ সমৰ কৰিল।
ইটো গোটে তাক কিছু মনে নটলিল॥ ৭৯৮
ব্ৰহ্মাকো কৰায়া আছো ঝিৱত দুষিত।
হৰতো লগায়া আছো কাম বিপৰীত॥ ৭৯৯
আনে সবাহাতে মোৰ সৈন্যে আছে জিনি।
সবে নাশ কৰিলেক ইটো জন কুনি॥ ৮০০
এতেকতে বলি ৰাজা চাপিলা ওচৰ।
বলিক দেখিয়া তাৰ ভয় গুৰুতৰ॥ ৮০১
কাটিবাৰ মনে খাণ্ডা উপৰে তুলিব।
ত্ৰাহি ত্ৰাহি বুলি কলি চৰণে পৰিব॥ ৮০২
পাছে মন জিজ্ঞাসি কৰিব মন থিৰ।
আছয় অনেক কাল দুৰ্জ্জয় কলিৰ॥ ৮০৩
ইহাক কটিলে নাশ হয় এক যুগ।
কিন্তু আৰ বিনাশ কৰিবো ৰাজ্যভোগ॥ ৮০৪
এহি গুণি কলিক নকাটি বলিৰাই।
পাত্ৰ পুৰোহিত সমে নিবো যম ঠাই॥ ৮০৫