আমাৰ ল'ৰা-ছোৱালী বিলাকে মহাপুৰুষ শঙ্কৰদেৱ দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ আদিৰ বিষয়ে জনা উচিত; কিন্তু দুখৰ বিষয় বহুত লৰা-ছোৱালীয়ে মহা- পুৰুষ সকলৰ বিষয়ে একোকে কব নোৱাৰে। লৰা-ছোৱালী বিলাকৰ এই অজ্ঞতা দূৰ কৰাইহে ইয়াক প্ৰকাশ কৰাৰ ঘাই উদ্দেশ্য। আশাকৰো প্ৰত্যেক লৰা-ছোৱালীয়ে ইয়াৰ একোখনি লৈ লিখকৰ উদ্দেশ্য সাৰ্থক কৰিব। অসমীয়া ৰাইজে “শঙ্কৰদেৱৰ জীৱন চৰিত খনিৰ নিচিনাকৈ ইয়াকো মৰমৰ চকুৰে চালে আৰু মহামান্য স্কুল ডাইৰেক্টৰ মহোদয়ে ইয়াকো প্ৰাইজ আৰু লাইব্ৰেৰীৰ পুস্তক শ্ৰেণীত ভূক্ত কৰিলে মোৰ সকলো চেষ্টা পৰিশ্ৰম সাৰ্থক হৈছে বুলি ভাবিম। ৰাইজৰ অনুগ্ৰহ পালে ভবিষ্যতে মহাপুৰুষ মাধৱ দেৱৰ জীৱনী প্ৰকাশ কৰিবলৈ আকাঙ্ক্ষা থাকিল। মোৰ অজ্ঞতাৰ কাৰণে কিতাপ খনিত বাননকে আদি কৰি বহুতো ভুল থাকিবৰ সম্ভৱ। পাঠক পাঠিকা সফলে সেইখিনি দোষ ক্ষমা কৰি ভুল দেখুৱাই দিলে অতিশয় কৃতাৰ্থ হম।
কাতি বিহু, ১৮৪৮ শঁক ইং ১৭।১০।২৬ |