পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥৹

আৰু আসাম বান্ধৱ আদি কেবাখনিও মাহিলী কাকত চাবলগীয়াত পৰোঁ। সেই কাকতবোৰৰ পৰা আৰু শ্ৰীযুত বৰুৱা দেৱৰ তাত থকা মহাপুৰুষৰ জীৱনী সম্পৰ্কীয় অইন অইন কিতাপৰপৰা দুই চাৰিটা কথা. টুকি, টুকি লৈ মহাপুৰুষৰ জীৱনী লিখিবলৈ আৰম্ভ কৰোঁ॥ বৰ্ত্তমান মোৰ লিখিত মহাপুৰুষৰ ‘‘শঙ্কৰদেৱৰ সংক্ষিপ্ত জীবন চৰিত’’খনি প্ৰকাশ হোৱাত আৰু তাৰ শিক্ষা বিভাগৰ গৰাকী মহামান্য স্কুল ডাইৰেক্টৰ মহোদয়ে প্ৰাইম আৰু লাইব্ৰেৰীৰ পুস্তক শ্ৰেণীত ভুক্ত কৰাত উৎসাহ পাই গুৰুদেৱৰ জীৱন চৰিত খনিও প্ৰকাশ কৰিবৰ ইচ্ছা হল। গতিকে তাৰ লিখিবলৈ বাকী থকা খিনি সমাধা কৰি, মোৰ মৰমৰ সহযোগী শিক্ষক শ্ৰীযুত ভগীৰাম বৰুৱা হেডমাষ্টৰ মহোদয়ক এবাৰ চকু ফুৰাবলৈ দিওঁ। তেখেতে অনুগ্ৰহ কৰি তেখেতৰ বহুমুলীয়া সময় কাটিকে থৈ কিতাপখনিত চকু ফুৰাই দিয়ে; মাৰু কিতাপখনি সমাজৰ আগত ডাঙি ধৰিবলৈ মোক উৎসাহ দিয়ে। তেখেতৰ উৎসাহৰ ফলতহে ইয়াক আজি ৰাইজৰ আগত ভাঙি ধৰা হল। এইবাবে উক্ত হেড্‌মাষ্টৰ মহোদয়ক আৰু যাৰ অনুগ্ৰহত এই কিতাপখনি লিখি- বলৈ সমৰ্থ হলোঁ সেইজনা মোৰ মৰমৰ শিক্ষাগুৰু শ্ৰীযুত হৰিনাৰায়ণ দত্ত বৰুৱাক কৃতজ্ঞতা জনাইছোঁ৷