পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩৩)

কেবা খনি উৎকৃষ্ট গদ্য আৰু পদ্য পুথি ৰচনা কৰে। ভট্টদেৱৰ সখীয়েক গুৰুৰ প্ৰধান শিষ্য খুদিয়া সত্ৰৰ কৰি বৰ গোপাল মিশ্ৰেও ঘোষা ৰত্ন নামে এক সুন্দৰ পদ্য গ্ৰন্থ ৰচনা কৰে। খ্ৰীষ্ট, বৌদ্ধ, চৈতন্য আদি ধৰ্ম পুৰুষসকলে যেনেকৈ কোনো শাস্ত্ৰ নিলিখিও ধৰ্ম বিলাই ধৰ্ম গুৰুনাম লৈছিল গুৰুদেৱেও সেই পথকে লৈছিল

 গুৰুদেৱে কেৱল সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী একমাত্ৰ পৰম পুৰুষ নিৰাকাৰ ঈস্বৰকহে পূজা অৰ্চা কৰিছিল; আৰু শিষ্যসকলকো সেই জনা- কেহে উপাসনা কৰিবলৈ শিক্ষা দিছিল। গুৰুৱে শিষ্যবিলাকক কৈছিল, যেনেকৈ গছৰ মূলত পানী দিবলৈ এৰি ডাল পাতত দিলে গছ নাবাঢ়ে সেই দৰে ঈশ্বৰক পূজা নকৰি আন দেৱ-দেৱীৰ পূজা কৰিলে তেঁওলোকে মুক্তি দিব নোৱাৰে। জীৱহিংসা কৰি আন দেৱ-দেৱীক পূজা কৰাত তেওঁ সম্পূৰ্ণ বিৰোধি আছিল। যদিওবা দেশ কাল পাত্ৰলৈ ৰাজসিক বা সকামিতলোকে দুৰ্গা পূজা কৰাত তেওঁ বাধা দিয়া নাছিল, তথাপি তেওঁ তাক সাত্বিক ভাবে নিৰামিষ পূজা কৰিবলৈ উপদেশ দিছিল। এবাৰ লক্ষ্মী- নাৰায়ণ ৰজাই পাঠা আদি জোগাৰ কৰি পূজাৰ কেনে- কুৱা নিয়ম তাক সুধিবলৈ বুলি গুৰুৰ ওচৰলৈ মানুষ পঠিয়াইছিল। গুৰুৱে দূতৰ আগত তলত লিখা দৰে সমীধান দিয়া বুলি গুৰু লীলাত আছে।

শুনি প্ৰভু সন্ত গুণিয়া বোলন্ত
 শুনা ৰাজ দূতগণ।