পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৩)


প্রথমে প্রবাস খাত বাৰে সেই নাম হৈছে বুলি বহুতে অনুমান কৰে। ইয়াৰ পিচত গুৰুৱে আকৌ ভটিয়াই গৈ, গয়া জানত তিনি চাৰি দিন মান থাকে। গয়া জনক বহুতে বর্তমান বৰিসত্ৰ বুলি অনুমান কৰে। ইয়াৰ পিচত গুৰুদেৱে নাৰামাৰি বিলেৰে অলপ উজাই গৈ ৰামৰায়ৰ বাট পায়। বর্তমান পাটবাউসী আৰু ববি সত্ৰৰ মাজতে এই ৰামৰায়ৰ বাট আছিল৷ নাৰমাৰি বিলৰ এক অংশক আজি কালিও ৰামৰায়ৰ কুৰ বোলে। ইয়াৰ এচোৱা আলিকো ৰামৰায়ৰ আলি বোলে। ইয়াতে গুৰুৰ ৰামৰায় লগত পৰিচয় হয়। ৰামৰায়ে শংকৰদেৱ ববল চুম্বত থকা খবৰ দিয়ে। আৰু বিয়াস পুৰত গুৰুক বসতি কৰিবলৈ কয়৷ এই কথমতে গুৰু সেই বিলেৰে আহি ধনুখুন্দা বিলৰ পূবফালে( বৰ্ত্তমান মঠ থকা ঠাইত)বসতি কৰে। এই বিলৰ পশ্চিম পাৰে মহাপুৰষ শঙ্কৰদেৱৰ বসতি আছিল৷ এই বিয়াস পুৰতে গুৰুৰ পত্নীয়ে কন্যা এটি প্ৰসৱ কৰি লোকান্তৰলৈ গমন কৰে। কেই

দিনমানৰ পিচতে কাটিয়েও মাকৰ বাটকে লয়৷ তেওঁ ভাৰ্য্যাৰ প্ৰেতকাৰ্য্য সমাপন কৰি মনত বিষাদ জাগি, বৈৰাগ্য ভাৱ অবলম্বন কৰি পুনৰ সংসাৰত প্ৰৱেশ নকৰো বুলি সংকল্প কৰে৷ আৰু ধৰ্ম্ম চৰ্ছা সম্বন্ধে আলােচনা কৰিবলৈ ধৰে।