পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শঙ্কল তেওঁৰ ওচৰলৈ গৈ ধৰ্ম্ম বিষয়ক কথা শুনিছিল। দামোদৰেও শঙ্কৰৰ কথাৰ মাধুৰ্য্যত ভোল গৈ প্ৰায় সদাই পিতেকৰ সৈতে আৰু পিচত কেতিয়াবা কেতিয়াবা অকলৈয়ো শঙ্কৰ দেৱৰ ওচৰলৈ অহা যোৱা কৰিবলৈ ধৰিলে, আৰু সদায় কৃষ্ণ কথা শুনি শুনি তেওঁৰ মন সেইফাললৈ বিশেষকৈ ঢাল ললে। পঢ়াশালিত তেওঁ গীতা ভাগৱত আদি পঢ়ি শেষ কৰি উঠাত, সদা নলে পুতেক উপযুক্ত বয়স হোৱা যেন দেখি পুতে কৰ শিৰাই কাৰ্য্য সম্পন্ন কৰিলে। ইয়াৰ আগতে সৰ্ব্বেশ্বৰ আৰু ৰত্নেশ্বৰৰ বিবাহ কাৰ্য্য শেষ কৰিছিল। এই ৰকমে তিনি পুতেকক সংসাৰ ক্ষেত্ৰত আৰম্ভ কৰি সদানন্দ দেৱ এদিন ইহ সংসাৰৰপৰা বিদায় ললে। তিনিও পুতেকে বেদ বিহিত মতে ব্ৰাহ্মণক দান দক্ষিনা দি সন্তোষ কৰি পিতেকৰ প্ৰেতকাৰ্য্য সমাপন কৰিলে। বিধৱা সুশীলা দেৱীয়ে তিনি পুত্ৰ আৰু চাৰি বধুৰ মুখ নিৰিক্ষণ কৰি স্বামীৰ বিচ্ছেদ যন্ত্ৰণা সহ্য কৰি পুতেক বোৱাৰীয়েক হঁতৰ সুখ দেখিয়ে মনত শান্তি লাভ কৰি থাকিল। কিছুদিনৰ মূৰত সৰ্ব্বেশ্বৰৰ ভাৰ্য্যাৰ মৃত্যু হয়। এওঁৰ কোনো সন্তানাদি নাছিল। সৰ্ব্বেশ্বৰে ঘৈণীয়েকৰ প্ৰেতকাৰ্য্য সমাধা কৰি, বৈৰাগ্য ব্ৰত অব লম্বন কৰিলে। আৰু তাৰ্থ পৰ্য্যতন কৰিবলৈ গল।