সমললৈ যাওক

পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহাপুৰুষৰ শিশুলীলা।

 মহাপুৰুষে লাহে লাহে ইঘৰে সিঘৰে গৈ লগৰ লগ ৰীয়া লৰাবোৰে সৈতে ধেমালি ধুমুলা কৰি ফুৰিবলৈ ধৰিলে। তেওঁ এনে সুগঠন লৰা আছিল যে, বাটৰ বাটৰুৱাইও তেওঁৰ ফালে ৰলাগি চাই বাট ভুলিছিল। বাপেৰু মায়েকৰ কথা নকওৱেই গাৱৰ মানুহেওঁ তেওঁৰ মুখৰ পিনে চাই নিজৰ দুখ ভাগৰ ভুলিছিল। শঙ্কৰ দেৱেও মানুহৰ মুখত দামোদৰ দেৱৰ ৰূপ গুণৰ কথা শুনি এইদৰে আনন্দ প্ৰকাশ কৰিছিল বুলি ভট্টদেৱ লেখিছে:-

লোক মুখে শুনিলন্ত কথা ছাৱালৰ।
শঙ্কৰৰ ভৈলা অতি হৰিষ অন্তৰ॥

 ক্ৰমে গুৰুৰ আঠ বছৰ বয়স হলত সদানন্দে পুতে- কক যজ্ঞ সুত্ৰ দি ব্ৰাহ্মণৰ কুলত তুলি ললে। আৰু বিদ্যা শিক্ষা কৰিবৰ নিমিত্তে কলাপ বল্লভ নামে ব্ৰাহ্মণ ভট্টাচাৰ্য্য এজনৰ হাতত সমৰ্পন কৰি দিলে। পঢ়া অৱস্থাতেই গুৰুৰ মতি গতি পৰমেশ্বৰৰ পিনে ঢাল লয়। তাতে আকৌ সদানন্দে লৰাকালতে গুৰুক লগত লৈ