দুহেজাৰ সৈন্য লই পালেহি। কটকিৰ হাতত দৰঙ্গৰ
ৰজাই হৰদত্তলৈ বাতৰি দিলে যে এইবাৰ তেওঁ সৰহ সৈন্য
দিব নোৱাৰিলে যিহেতু উজনীৰ পৰা আহোম ৰজা গৌৰী
নাথ সিংহই পাঁচশ শিক্ষিত আহোম ৰণুৱা লই নিজেই
তেওঁৰ লগত যুঁজিবলৈ আহিব লাগিছে, এইবাৰ দৰঙ্গত তয়া
ময়া ৰণ লাগিব। বিজনীৰ কটকী যোৰাই বিজনীৰ পৰা
এহেজাৰ ৰণুৱা লই আহিল। সিফালে কোচবেহাৰৰ পৰা
মহীৰামে এজন কোচ কুমাৰে সৈতে মুঠেই পাঁচ শ কোচ
ৰণুৱা আনিলে। পঞ্চাবলৈ যোৱা কটকি যোৰাই দুশ
তৰোৱাল ধাৰী ১০০এশ বন্দুকধাৰী শিখ ৰণুৱা লই
পালেহি। কামৰূপৰ ছয় সাত হেজাৰ ৰণুৱাৰে সৈতে
এইবাৰো হৰদত্তৰ প্ৰায় দহ হেজাৰ ৰণুৱা হল।
ইফালে গুৱাহাটীত বৰফুকনেও দক্ষিণ-পাৰৰ-দাতি
কাষৰীয়া ৰজা সকলৰ পৰা প্ৰায় ছয় হেজাৰ ৰণুৱা পালে।
এনেতে উজনীৰ পৰা গৌৰীনাথ সিংহ ৰজাও পাচ শ
আহোম ৰণুৱাৰে সৈতে গুৱাহাটী পালে।
গুৱাহাটী পাই ৺গৌৰী নাথ সিংহ স্বৰ্গদেৱে বৰফুকনে
সৈতে পৰামৰ্শ কৰি এইটো বঢ়িয়াকৈ বুজিলে যে আহোম
ৰাজাক চাৰিউফালে শত্ৰুয়ে বেঢ়ি ধৰিছে। উজনীভ
মোৱামৰীয়া হঁতে বিদ্ৰোহ তুলিছে। মাজ অসমত দৰঙ্গৰ
ৰজা কৃষ্ণ নাৰায়ণে যুজ ধৰিছে। আৰু কামৰূপত
কামৰূপীয়াইও দ্ৰোহ আচৰণ কৰিছে। এনেকুৱা অৱস্থাত
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
