সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তোমাৰেই প্ৰেমময় দান
মোৰ এই নৰ তনু,
মোৰ এই প্ৰাণ
তোমাৰেই নতুন বিস্তাৰ;
কত তৃষ্ণা আশা ভৰসাৰ
পৃথিবীৰ মনুষ্য, আকাৰ।


তোমাৰেই স্মৰণত লভিছোঁ আস্বাদ
নেদেখা নুশুনা দেৱ
পিতা সেই পৰম জনৰ,
পিতা ধৰ্ম্ম, পিতা স্বৰ্গ, তপস্যা পৰম
প্ৰত্যক্ষ ঈশ্বৰ-ৰূপে
মোৰ এই দেহৰ মনৰ!


তোমাৰেই স্মৰণত আজি
পৰম পিতাৰ ৰৱ
উঠক প্ৰাণত মোৰ বাজি,
পিতা মোৰ হে ‘পিতা নোহসি'!
পিতাৰো পৰম পিতা
তোমাৰে ভক্তিত
হ’ক আহি
হৃদয়ত থিত,
পিতা মোৰ,—‘পিতা নো বোধি!’

(৪০)