সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যি গান-বেদনা লই পাহিছিল৷ তুমি গানৰ পূজাৰী, হৃদয় উজাৰি— দিল। যি মৰ্ত্তক দান, মোহিল। বন্ধুৰ হিয়া বিলাল। আমিয়া !- যি গানৰ, যি প্ৰাণৰ মহা ব্যাকুলতা, কৰুণ কাহিনী কথা যুগ যুগ ধৰি আজি বিশ্বত উঠিছে বাজি চৰাইৰ মাতৰেপৰা মানুহৰ ছয়ৰাগ ছয়ত্ৰিশ ৰাগিণী, অখণ্ড সোঁতৰ তুলি মহাতৰ ঙ্গিণী, পালা-কি সন্ধান আজি উৎস ক'ত তাৰ লভিল। কি সঙ্গ সেই সিন্ধুৰ অপাৰ ? আছিল যি জীৱনত প্ৰতি দিন মিছা, অর্থহীন— —অসাৰ সংসাৰ ! (৩৬)