সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্ধুবৰ কবি।
৺কমলামন্দ ভট্টাচাৰ্য্যদেৱৰ বিয়োগত
—::—

বন্ধু,
আজি গাম কি বিৰহ-গান
 নাই ছন্দ, নাই তান
অসহ্য ই বিৰহত
 হৃদয় বিমোৰ,
আবাল্য বন্ধুৰ তৱ
 হে প্ৰিয় বন্ধু মোৰ!

তোমাৰ সঙ্গীত আজি
 কেনি ভাহি যায়,
ধূসৰ ধূলিৰ ঢউৱে
 নীৰৱ সন্ধিয়া!
বাজি উঠে চমকাই
কোন সি আন্ধাৰ হাঁয়,
 ধৰাৰ এখনি সেই
 সকৰুণ হিয়া,
ভাবিছোঁ তাকেহে বহি
 এই নীৰৱ সন্ধিয়া।

(৩৫)