পৃষ্ঠা:তৰা ফুল.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিযে তোমাৰ মিঠা সোঁৱৰণ
কিযে তোমাৰ মৃদু শিহৰণ
আমাৰ প্ৰাণৰ সখি তেলীয়া কদম
বুকুতে থাকিবা শুই গোটেই জীৱন।

তোমাৰ দেহৰ শাখা-প্ৰশাখাত
আকাশৰ তৰা ফুলে অকণ অকণ
কানাইৰ বাঁহীৰ মধুৰ সুৰত
বাউলী ৰাধাৰ হয় হিয়া উচাতন।

অতন্দ্ৰ প্ৰহৰী তুমি আমাৰ গাঁৱৰ
কত বৰ্ষ যুগ আৰু কত শতিকাৰ
আমাক নেৰিবা তুমি তোমাকো নেৰোঁ
হিয়াৰ হালধি সানি প্ৰণিপাত কৰোঁ
প্ৰিয়জন হেৰা তোমাক কৰিলোঁ স্মৰণ।•

- ৩২ -