পৃষ্ঠা:তৰা ফুল.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাৰণিত ফুলিলে
ৰঙাকৈ মদাৰ ঐ
লাহেকৈ কঁপিলে পাহি
ফাগুনৰ পছোৱাই
বোকোচাত বান্ধিলে
কাৰে মতলীয়া হাঁহি।

বা পায় বলিয়া
চেনেহৰ খনীয়া
বিৰিখৰ সৰাপাত
উৰুঙা বুকুতে
ৰৈ ৰৈ বাজিলে।
ভাওনাৰ গুৰুঘাট।

ধূলিৰে আবৰা
ওৰণিৰ আঁৰেৰে
উকিয়াই কোমল কুঁহি
ফুলনিত ফুলিছে
বাসনাৰ ৰঙা ফুল
কোমল আমঠু মোহি।•

- ৩১ -