সমললৈ যাওক

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কুঁৱৰীৰ মৰাশটী আঁকোৱালি লই গদা
দাৰুণ শোকত আজি কান্দিব’ ধৰিলে
হিয়া মূৰ ভুকুৱাই বনৰ মাজত হায়!
নিৰ্জ্জন অৰণ্য আজি কান্দোনে ভৰিলে॥


“কেনি গ’লা, প্ৰিয়ে! তুমি এৰি থই মোক?
“তোমাৰ বিহনে, হায়! জগত শ্মশান প্ৰায়;
“তোমাৰ বিহনে মোৰ সকলো এন্ধাৰ!
“তোমাৰ বিহনে শূন্য হৃদয় গদাৰ।


গা তোলা গা তোলা প্ৰিয়ে! আৰু নাথাকিবা শুই;
“উঠিবৰ সময় হইছে;
“গছৰ ডালত কৰে চৰায়ে কোঢ়াল, প্ৰিয়ে!
“চোৱাঁ বেলি ওলাব খুজিছে॥
“আগৈয়ে দেখোন, প্ৰিয়ে! উঠা তুমি ৰাতিতেই,
“কিয় আজি বিপৰীত ভাব?
“কিয় হ’লা এলেহুৱা? অত বেলি শুই আছা?