পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কেই সৰ্গমানৰ অলপ অলপ লিখিয়েই, এৰি দিয়া হৈছিল। কিন্তু মনুষ্য জীৱনত সাধাৰণতঃ মানুহৰ দুৰাশা বিলাকেই বেচি প্ৰবল। আমাৰো অন্তৰৰ দূৰাশা বেচি প্ৰবল হৈ উঠাত, তাৰ ফল স্বৰূপে এই কাব্য খনি পাঠক পাঠিকা সকলৰ আগত দাঙি ধৰিলো। সেই সকলে অৱশ্যে বুজিছে:⸻⸻

মন্দঃ কবিযশঃ প্ৰাৰ্থী গমিষ্যম্যুপহাস্যতাম।
প্ৰাংগুলভ্যে ফলে লোভা দুৰাহৰিব বামনঃ॥

 কিন্তু উপাই কি? মন যে অবোধ নামানে প্ৰবোধ।"

 সেই যাহক, মৰমীয়াল পাঠক পাঠিকা সকলে আমাৰ “কমতাপুৰ ধ্বংস” আৰু “বিৰহিনী বিলাপ কাব্য”ক যি স্নেহৰ চকুৰে চাই লিখোতাক উৎসাহিত কৰিছিল,—“তিৰুতাৰ আত্মদান বা জয়মতী কাব্য"কো সেই স্নেহৰ চকুৰে চালেই, আমাৰ শ্ৰম সফল হ’ব।

 বৰ্তমান লিখোতাৰ মনত নিতান্ত অশান্তি। অশান্তি গতিকে ঠায়ে ঠায়ে যদি পুথি খনিৰ লালিত্য ৰক্ষা কৰিব পৰানাই, সেই বাবে যেন পাঠক পাঠিকা সকলে ক্ষমা দিয়ে। লিখোতাৰ অনেক অসুবিধা৷ গতিকে নিজে আহি কাকত চাব নোৱাৰাত, যোৰহাট মিউনিচিপেল অফিচৰ হেড ক্লাৰ্ক, আমাৰ সুযোগ্য বন্ধু শ্ৰীযুত মহেশ্চন্দ্ৰ শৰ্মা বৰ কটকী,— আৰু “ধৰ্ম্মপ্ৰকাশ প্ৰেছৰ মেনেজিং প্ৰোপ্ৰাইটীৰ শ্ৰীযুত ঘনকাৰ ভট্টাচাৰ্য্য, এওঁলোক দুজনে আৰ্হি কাকত চাই দি অনেক উপকাৰ কৰিছিল, সেই বুলি তেখেত