পৃষ্ঠা:তাৰা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪১
৪১
তাৰা

তা ৩১ পালিত-- হাতৰ আঙঠি খুলি লৈ) দিলীৰ খাঁ, খবৰ কি? এই আঙঠি ভোমাৰ নে মোৰ? দিলীৰ-মোৰ। পালিত-ঠাট্ট। নকৰিবা, ইয়াক লাভ কৰা তেনে সহজ নহয়। দিলীৰ নহয় কিয়? তোমাৰ তিকতা যিমান সহজ। পালিত-ই ধেমালিৰ সময় নহয়। দিলীৰ! বোধকৰে। আমাৰ বন্ধুত্ব ইমানতে চিঙিব। দিলীৰ কেতিয়াও নহয়, যদি পূৰ্ব্বপ্ৰতিজ্ঞা অনুসৰি কাম কৰ, মই মোৰ কাৰ্য্য নিধ্বিগ্নে সম্পাদন কৰিছে। এতিয়া তুমি তোমাৰ প্ৰতিজ্ঞা পূৰণ কৰিবলৈ সাজু হোৱা। পালিত-অসম্ভৱ। বাৰু যদি তুমি তেওঁৰ প্ৰণয় লাভ কৰাৰ বিশেষ প্ৰমণ দিব পাৰা, তেনেহলে এই আঙঠি তোমাৰ, যদি নোৱাৰা তেন্তে মোৰ পত্নীৰ ওপৰত তোমাৰ অসৎ অভিপ্ৰায় আৰু চৰত কলঙ্ক আৰোপ কৰাৰ বাবেও প্ৰাণ নাশ কৰিম। তুমি নিশ্চয় জানিবা এই সংসাৰত আৰু আমাৰ দুয়ো জনৰে একেলগে ঠাই নাই। দিলীৰ-যথেষ্ট প্ৰমাণ দিম। কেনে প্ৰমাণ দিলে তোমাৰ বিশ্বাস হব? বাৰু শুনা-তোমাৰ তাৰাৰ প্ৰতোক শোৱনি ঘৰৰ প্ৰভেক খিড়িকি আৰু দুৱাৰৰ ওপৰত আগ্ৰাত তৈয়াৰী বহু- মূলীয়া পৰ্দাবোৰ আছে আৰু – পালিত -এনেকুৱা প্ৰমাণে কোনো কাম নিদিব। এইবোৰ তুমি মোৰ ওখত বা আন কাৰো মুখত শুনিব পাৰা। দিলীৰ-তেওঁৰ শোৱনি ঘৰৰ প্ৰত্যেক দেৱালৰ ওপৰত সীতা-সাৱিত্ৰী আদি সতীসকলৰ চিত্ৰ অঙ্কিত আছে।