পৃষ্ঠা:তাৰা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
তাৰা


পালিত—-ই অতি সামান্য কথা।

দিলীৰ - ধৰা তেন্তে। চোৱা ( কাপোৰৰ তলৰ পৰা এডালি হাৰ উলিয়াই দিয়ে) কি! মুখ শেঁতা পৰিল যে? এইডালি হাৰকে, তোমাৰ পত্নীয়ে আহিবৰ সময়ত মোৰ ডিঙিত প্ৰণয়ৰ চিন স্বৰূপে পিন্ধাই দিছিল। (ঠাট্টা কৰি) এই হাৰডালিৰ লগতে তোমাৰ সেই আঙঠিটি বিয়া দিম। কেনে, সুন্দৰ, হবনে?

পালিত— হয় বিধাতা! চাওঁ আৰু এবাৰ চাব দিয়া। এইডালিকে আহিবৰ সময়ত মই তাৰাৰ ডিঙিত পিন্ধাই দিছিলোঁ? নহয়নে?

দিলীৰ --মোৰ কপাল বৰ ভাল, এতিয়াও তেওঁক মোৰ মনত পৰে।.আহিবৰ সময়ত, কান্দি কান্দি, এই হাৰডালি মোৰ দিতি পিন্ধাই দি কৈছিল, “এই হাৰডালি এসময়ত মোৰ আদৰৰ বস্তু আছিল, কিন্তু সি অতীতৰ কথা, এতিয়া আৰু মোৰ এই বস্তুৰ ওপৰত মোহ নাই। মই বৰ ভাগ্যবতী যে আপোনাৰ নিচিনা উপযুক্ত পাত্ৰক উপহাৰ দিবলৈ পালো, অধিনীক যেন চিৰ দিনলৈ মনত ৰাখে।”

পালিত---সাৱধান মোগল! ফাকি নিদিবা; কিজানি তেওঁ এইডালি মোলৈ পঠিয়াই দিছে।

দিলীৰ— (বিদ্ৰূপ কৰি) হবও পাৰে, তোমাৰ চিঠিত জানো সেই বিষয়ে কিবা লিখিছে?

পালিত—নাই; তোমাৰ কথাত মই সম্পূৰ্ণ বিশ্বাস কৰিছোঁ। সঁচা - তুমি যি কৈছা সকলো সঁচা -ধৰা, ধৰা এই আঙঠিটোও নিয়া, এতিয়া ই মোৰ পক্ষে বিহুৰ তুল্য, দেখলেই মোৰ হৃদয় ঘৃণাৰে পূৰ্ণ হয়। হায় হায় তিৰোতাক যেন কোনেও