পৃষ্ঠা:তাঁতিৰ জুনা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

চৰ খাই গোৰ খাই উফন্দিলে গাল।
মুঠি চেৰেক জালুক আনি খুৱাই দিয়া জাল॥
ভদ্ৰসেনে ৰচিলে পচলাৰ জুনা।
সমস্ত সমাজে কাণ থিয়কৈ শুনা॥

নাঙলৰ জুনা।

হাবিত আছিল কেঁকুৰা কাঠ।
বাঢ়ৈয়ে আনি লগালে চাঁচ॥
চাঁচি কাটি কৰিলে নাঙল।
হালোৱাই নি বুৰিলে হাল॥
নাঙলে বুলিলে পিঠিত কুঁজ।
মইহে ধৰিছো পৃথিবীৰে যুঁজ॥
ফালে যে বুলিলে বাহৰে চেঁচু।
মই উলিয়াওঁ পাতালৰ কেঁচু॥
বেঙ্গাই বুলিলে বাহৰে আখি।
মইহে থৈছো ফাল খন ৰাখি॥
ডিলাই বুলিলে সবাতকৈ পোন।
মই যে নহলে হালোৱা কোন॥
যুৱলীয়ে বুলিলে সবাতকৈ হুয়া।
কান্ধত উঠি ফুৰো গধূলী পুৱা॥
শলমাৰিয়ে বুলিলে চাৰি ভাই ককাই।
চাৰিও থাকো চাৰি ফালে চাই॥
যুত জৰিয়ে বুলিলে মৰাপাটৰ লেৰু।
মই যে ৰাখো বৰ বৰ গৰু॥