পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
অসমৰ মুদ্ৰা।

উল্লেখ আছে। ৰজা চন্দ্ৰগুপ্তৰ দিনত মুদ্ৰাৰ এটা স্বতন্ত্ৰ বিভাগ আছিল। সেই বিভাগত ‘লক্ষ্যণাধ্যক্ষ’ বা ‘ৰূপ্যাধ্যক্ষ’ নামেৰে এজন ডাঙ্গৰ বিষয়াই নিজ তত্ত্বাবধানত মুদ্ৰা কৰাইছিল*। পিছত এই মুদ্ৰাৰ প্ৰচলন অসমত কোন শতাব্দীৰ পৰা হল?

 অসমত আজিলৈকে সংগৃহীত মুদ্ৰাবোব ঘাইকৈ আহোম যুগৰ। কোচৰাজ আৰু কচাৰী ৰজাৰো মুদ্ৰা পোৱা গৈছে। কিন্তু ইবিলাকৰ আগেয়ে অসমত মুদ্ৰাৰ প্ৰচলন আছিলনে নাই? তেজপুৰ পাহাৰৰ শিলৰ ফলিত হৰ্জ্জৰবৰ্ম্মৰ কথা উল্লেখ আছে। এই ফলি গুপ্তাব্দ ৫১০ অৰ্থাৎ ৮২৯-৩০ খৃষ্টাব্দৰ। হৰ্জ্জৰ বৰ্ম্মৰ নিচিনা ৰজাই অসমত যে নিজৰ নামত মোহৰ মৰা নাছিল এনেটো অনুমান কৰিব নোৱাৰি। ইফালে যি কুমাৰ ভাস্কৰবৰ্ম্মাই ভাৰত সম্ৰাট হৰ্ষবৰ্দ্ধনৰ ৰাজ সভাত ইমান সম্মান পাইছিল সেই কামৰূপৰ অধীশ্বৰে অসমত যে মুদ্ৰাৰ প্ৰচলন কৰা নাছিল এনেটোও অনুমান কৰিব নোৱাৰি। যদিও হৰ্জ্জৰবৰ্ম্ম নাইবা ভাস্কৰবৰ্ম্মাৰ কোনো মুদ্ৰা আজিলৈকে আবিষ্কাৰ হোৱা নাই তথাপি আগুৱাই নগৈও তেওঁলোকৰ দিনৰ পৰা


 * প্ৰণমৰাৰ মিলন -পৃঃ ১৯২