পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
তত্ত্ব আৰু তথ্য


নুবুজা, নেদেখা, জীৱনী শক্তিৰে ঘটা বুলি কোৱা নিতান্ত ভুল। মেঘৰ গাজনি ইন্দ্ৰৰ কোপৰ চিন, বিজুলী ৰাক্ষসীৰ জিভা, জ্বৰ হােৱা জৰাসন্ধ দেৱতাৰ কোপৰ চিন ইত্যাদিবিলাক কোৱা যেনে অমূলক, আত্মসম্বন্ধীয় অৱস্থাবােৰ কিবা এটা শক্তিৰ দ্বাৰাই ঘটি থকা বুলি কোৱাও তেনে । এনেবােৰ ধাৰণাই বৈজ্ঞানিক তথ্য বাহিৰ কৰাত বা ব্যাখ্যা কৰাত অকণো সহায় নকৰে কেবল বাটত মাথাে ভেটা হে দিয়ে।

 অবৈজ্ঞানিক কথা আৰু বৈজ্ঞানিক কথাৰ পাৰ্থক্য এই যে, অবৈজ্ঞানিক কথাই কাৰ্য্য আৰু কাৰণৰ বিশেষ ধাৰ নেখায় । যেই সেই কাৰ্য্যৰ যেই সেই এটা কাৰণ বুলিয়েই সি ক্ষান্ত থাকে। কিন্তু বৈজ্ঞানিক কথাত কাৰ্য্যৰ প্রকৃত কাৰণ ওলাই পৰে। প্রাকৃ- তিক বিজ্ঞানত ব্যাপাৰ বুজাবলৈ হলে বৈজ্ঞানিকে পূৰ্ব্বানুবৰ্ত্তী ঘটনাৱলী আৰু সমকালীন ব্যাপাৰৰ দ্বাৰাই কাৰ্য্যৰ কাৰণ দেখুৱায় । যেনে বায়ুবিজ্ঞানে ধুমুহা, গাজনি, বিজুলী, ইত্যাদি বুজাবলৈ হলে সংঘর্ষ আৰু নানা প্রাকৃতিক ব্যাপাৰেৰে বুজায়। বিজ্ঞানে কাৰ- ণেৰে কাৰ্য্য বুজায়। তেনেস্থলত মনােবিজ্ঞানৰ আত্ম সম্বন্ধীয় অৱস্থাৱলীৰ কাৰণ শাৰীৰিক কাৰ্য্যাৱলীৰে বুজাব পাৰিলেই বিজ্ঞানৰ কৰ্ত্তব্য শেষ হ’ল।