পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
জড়বাদ।


 

 আমাৰ আত্মসম্বন্ধীয় অৱস্থাবোৰ স্নায়ুমণ্ডলীৰ কাৰ্য্যাৱলীৰপৰা যে ঘটি থাকে তাক আমি তৰ্কবিজ্ঞানৰ যুক্তিৰেও দেখুৱাব পাৰোঁ। আধুনিক প্ৰাকৃতিক বিজ্ঞানত শক্তি ব্যয়শূন্যতাৰ প্ৰতিপদে আৱশ্যক। শক্তি বা গতি সদায় ব্যয়শূন্য। ই সদাই সমানে থাকে। ই কেতিয়াও নষ্ট নাপায়। মুঠতে ইয়াৰ মাথো অৱস্থাৰ ভেদ হয়। পুঞ্জগতি অনুগতিত পৰিণত হয়। কৰ্ম্মঠ শক্তি ফলদায়িকা শক্তিত পৰিণত হয়। অৱস্থা ভেদত এই শক্তি নষ্ট নাপায়। এটা বাজি থকা ঘণ্টাৰপৰা উঠা বতাহৰ ঢৌৱে আমাৰ শ্ৰৱণ শক্তিৰ বিশেষ কোনো যন্ত্ৰক আঘাত কৰে আৰু সম কালতে নানা স্নায়বিক কাৰ্য্যাৱলী ঘটি এক উত্তেজনাৰ বোধ হয় তাৰ ফলত ঘণ্টা বজা শব্দ শুনো। এতিয়া এই উত্তেজনাক যদি স্নায়বিক কাৰ্য্যাৱলীৰ ফল নোবোলোঁ তেনেহলে ই শক্তিৰ ব্যয়শূন্যতা মতৰ বিপৰীতে যাব। ইয়াৰপৰাও দেখা যায় যে আত্মসম্বন্ধীয় অৱস্থাবোৰ স্নায়বিক কাৰ্য্যাৱলীৰপৰাই ঘটে।

 ব্যবচ্ছেদ-বিদ্যাবিৎ সকলেও কয় যে স্নায়বিক উন্নতি অৰুি মগজুৰ উন্নতি সদাই সম সমান্তৰাল। উন্নতিৰ প্ৰত্যেক খোপতে মগজুৰ বিকাশৰ লগত বুদ্ধিৰ বিকাশ হোৱা দেখা যায়। মানুহেই প্ৰাণী জগতত মগজুৰ