পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
তত্ত্ব আৰু তথ্য।

জনীৰ গৰ্ভত তেতিয়াৰপৰা যিবোৰ পোৱালি হৈছিল সকলোবোৰ নেজবিহীন হৈছিল। ১৮৭০ খৃষ্টাব্দত কোনো এখন দেশত এজনী শিঙাল গাইৰ গৰ্ভত শিঙাল গৰুৰ ঔৰষৰ পৰা এটা পোৱালি হয়। সেই পোৱা- লিটোৰ শিং নগজিল। পিচত ডাঙ্গৰ হলত সেই গৰুৰ ঔৰষৰপৰা শিঙাল গাইৰ গৰ্ভত যিবোৰ পোৱালি জন্মি- ছিল সকলোবোৰ শিং নাইকিয়া হৈছিল। পাৰ, কুকুৰা ইত্যাদিৰ লগত তেজাল আন জাতিৰ পাৰ কুকুৰাৰ জোৰ বান্ধি দি অন্য এক শ্ৰেণীৰ পাৰ কুকুৰা উৎপন্ন কৰা হয়। এনেকৈ সুন্দৰকৈ দেখা যায় যে কেৱল মানুহ নহয়, সকলো প্ৰাণীবৰ্গৰ ভিতৰত দেশ কাল পাত্ৰ আৰু নানা অৱস্থা ভেদে জীৱৰ পৰিবৰ্ত্তন ঘটি থাকে। জীৱৰ এনে পৰিবৰ্ত্তন ঘটে বুলিয়েই অভিব্যক্তিবাদীৰ যুক্তি যুক্তিপূৰ্ণ। জীৱৰ মাজত যদি ইমানেই পৰিবৰ্ত্তন ঘটে তেন্তে মোনেৰা আদি অমেৰুদণ্ডী জীৱৰ ক্ৰমবিকা- শৰপৰা মানুহ জাতি সৃষ্ট হোৱা বোলাটো সম্পূৰ্ণ যুক্তি- সিদ্ধ।