পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
অভিব্যক্তি বাদ।
 

 মানুহৰ ব্যৱহাৰ অনুসৰিও ক্ৰমবিকাশত নানা পৰিবৰ্ত্তন ঘটে। পৰিশ্ৰম নকৰাকৈ লোকৰ ওপৰত খোৱা মানুহৰ যদি সন্তান সন্ততি লিতা আৰু গেলো হয় তেন্তে সেই সন্তান সন্ততিয়ে হঠাৎ পৰিশ্ৰম কৰি- বলৈ ধৰিলে নিচেই অকৰ্ম্মীবোৰৰ মৃত্যু হব আৰু বাকী বোৰৰ অৱস্থা উন্নত হব। লিতা লেৰেলা গুচি নোদোকা আৰু ঠাওকাল হব। তেনেকৈ কমাৰৰ পুতেকে আগ- হাতে লো কোবাবলৈ এৰি যদি আগহাতে কলম চলোৱা কাজ লয় তেন্তে সেই অঙ্গ লো কোবাওঁতে যিমান বিকাশ পাব কলম চলোৱাত সিমান বিকাশ নাপায়। সেই অঙ্গ বিকাশ নাপায় সঁচা, কিন্তু অন্য এক অঙ্গৰ বিকাশ পাব। মনে কৰক মগজুৰ বিকাশ পালে। এতিয়া কমাৰ-পুত্ৰৰ আগ হাত বিকাশ নাপাই মগজুৰ বিকাশ পাই পুতেক বাপেকৰ পৰা আতৰি আহিল। আৰু এনেকৈ জীৱৰ ব্যৱসায় অনুসাৰে বিবৰ্ত্তন ঘটে।

 এনেবোৰ পৰিবৰ্ত্তন যে কেৱল মানুহ জাতিৰ ভিতৰত এনে নহয়। এই পৰিবৰ্ত্তন পশুপক্ষী সকলোতে সমানে খাটে। বংশানুক্ৰমে নেজ কাটি এজাতি কুকুৰ উৎপন্ন কৰা হৈছে। সিহঁতৰ এতিয়া সন্তান- বিলাক মাতৃ-গৰ্ভৰপৰা নেজ খৰা। জেনা নগৰত এজনী নেজ ডাল গৰুৰ দুৱাৰত চেপ খাই ছিগি যায়। সেই