পৃষ্ঠা:ঢৌ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই জানো আৰামী অট্টালিকা ভাঙিবলৈ লাগে কেনে হাত

চিনি পাওঁ স্বাধীন হাতৰ আঙুলি কিমান পূৰঠ কিমান তপত
বুকুত লৈ ফুৰোঁ শিকলি চিঙাৰ অংগীকাৰ
স্বাধীনতা যাৰ আজন্ম সহচৰ

মই সেঁতু বিচ্ছিন্ন হৃদয়ৰ, প্ৰাচীন আৰু অবাৰ্চীনৰ
অসীম আৰু সীমাবদ্ধতাৰ, আন্ধাৰৰ পৰা পোহৰ-যাত্ৰাৰ
ভূগোলৰ সীমা ভাঙি উৰুৱাওঁ হেঁপাহ
মই ৰ’দ আনি দিয়া হাতৰ প্ৰোজ্জ্বল হাথিয়াৰ

শিতানত ক্ষোভৰ গাৰু লৈ শুই থাকোঁ নিবনুৱা যুৱকৰ সৈতে
স্বপ্নীল-প্ৰেমিকৰ হাত, বাৰুদ খামুচি ধৰা প্ৰচণ্ড মাংসল
বুকুত মোৰ হতাশাৰ উত্তৰ-দক্ষিণ
যেনেদৰে জানো মন্দিৰৰ দিন-ৰাতিৰ গীতা-পাঠ
তেনেদৰে জানো বেশ্যালয়ৰ কৰুণ-মৌন-বিষাদ

কবি আজন্ম প্ৰেমিক আৰু মই আলসুৱা প্ৰেমিকা
শিয়ৰি উঠিছোঁ ফাগুনৰ শীতল বতাহ
দাঁতৰ ফাঁকত বৈ কিমান জুমিছোঁ
ৰক্তাভ কলিজাৰ উৎসুক অনুৰাগ
হৰফ বিবৰ্ণ কৰা মমৰ টোপাল
ৰোদসী চকুৰ মেঘমল্লাৰ

কিমান যৌৱনৰ মই উতলা উশাহ
কিমান বোধৰ মই গলিত বতাহ
কিমান জ্ঞানৰ মই বিগলিত সত্য
কিমান সাধনাৰ সৃষ্টি অনিত্য

মই কেতিয়াবা ভাৰ ব’ব লাগে নিষিদ্ধ চেতনাৰ উলাহ
বাসনাৰ সংগোপন নৈ

৬৩