কলম
ওঁঠত আঙুলি থৈ তেওঁলোকে চাইছিল এদিন
সূৰ্যাস্তৰ ৰং আৰু মৃত্যু শীতল আন্ধাৰৰ ৰহস্যময় আঘাত
লাহে লাহে গজিছিল অবাক আত্মাত বোধৰ বীজ
আঙুলিত আছিলোঁ, শিল ডাঙিছিলোঁ, মাটি খান্দিছিলোঁ
মাটিৰ ভাঁজে ভাঁজে আভঁজা হাত
বিপনীতো মই স্বাধীনে থাকোঁ
আঙুলিৰ চেপাত ধাৰণ কৰোঁ উৎসাহ, অত্যুৎসাহ, বিষাদ
অঘৰী চিন্তা, সংলাপ-বিলাপ, আত্মাৰ আলোক- আন্ধাৰ
ভাবৰ সহিত তোমাৰ বন্ধুত্ব, ভাৰ বওঁ আবিষ্কাৰ
প্ৰেয়সীতকৈ প্ৰিয় হোৱাৰ মোৰো আছে অহংকাৰ
উকা কাগজৰ যাতনাত আত্মজাহী কবিৰ
ময়ে সাক্ষী শেষ হাঁহাঁকাৰ
নৈয়ে জানে, মোক ধাৰাল কৰা কিমানক স্বাধীনতা দিলোঁ
কত জনক জীয়াই থকাৰ অৰ্থ, অধিকাৰ
কত ভাঙিলোঁ নৰক গহ্বৰ, খুলিলোঁ স্বৰ্গৰ দুৱাৰ
অন্ধকাৰ সুৰংগত সুমুৱালোঁ ৰ’দ
মই নহওঁ মাথো জেপত আমদানিকৃত অলংকাৰ-বৈভৱ
মই কওঁ সকলোৱে কথা – অপ্ৰাপ্তি আৰু পূৰ্ণতাৰ
ঘৃণা অথবা বঞ্চনাৰ, ৰ’দ-খৰাঙৰ আৰু জৰৌৰৱা বাৰিষাৰ
মই তোমাৰ আত্মাৰ কণ্ঠ, ঘৃণাৰ চিৎকাৰ
সুখৰ সুহুৰি আৰু যন্ত্ৰণাৰ তেজাল মাত
মই চিনো ভোক, অভুক্ত পঁয়া লগা শিশুৰ মুখ
চিনি পাওঁ প্ৰাচুৰ্যৰ প্ৰাসাদত গৰ্বিত জোতাৰ শব্দ
কৌশলী হাতৰ মুঠিত কেঁকাই উঠা বঞ্চিতৰ তৰল বিষাদ