পৃষ্ঠা:ঢৌ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাম

সকলোৱে থকাৰ দৰে মোৰো আছে
এটা নাম আৰু কিছু আভিধানিক অৰ্থ
মাৰিবলৈ নিন্দা-প্ৰশংসা আৰু কথাৰ ফৰ্মূটি
দিবলৈ কিছু অভিজ্ঞানৰ যন্ত্ৰণা
ৰ’দ-বতাই গ্ৰহণৰ বৈধতা

সন্ধ্যাতৰা
ৰাতিৰ আকাশত ফুলা, নাই দেখা
কোনেবা থ’লে তগৰ বকুল
খোজে পতি পথিকলৈ থৈ যায় হুল

নাম মানুহৰ সৈতে মিলে নে
মানুহ নামৰ সৈতে
অবান্তৰ জিজ্ঞাসা ৰাশিফলৰ নিৰৰ্থক খেল

নাম দিওঁ
উদ্ভাৱন-আবিষ্কাৰৰ প্ৰথম নাম
প্ৰতিটো দ্বীপৰ অস্তিত্বৰ নাম
সুখ-দুখ, ঘৃণা, যাতনাৰ নাম

নাম যেতিয়া অহংকাৰৰ আধাৰ
বিশেষণ অলংকাৰৰ চিক্‌মিকনি
জীৱন যেন সৰিয়হৰ ডুলিত ভূত

দৈনিক লৰা-ঢপৰা,অৰ্থৰ সন্ধান
অব্যৰ্থ পৰাজয়
গৈ গৈ ঠিকনা হেৰুৱায় নৈ

৬১