পৃষ্ঠা:ঢৌ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিস্ফোৰণ

জ্বলি উঠি নুমাল হঠাৎ
বুকুত খুন্দিয়াই এজাক চিঞৰে হবি নিলে মাত
তেজত বুৰিল এথোপা আঙুৰ
কাৰ বিয়াৰ গহনা-গাঁঠৰি
কোলাত কেঁচুৱাটো নাই
ৰাজ পথত মঙহে ধৰ্‌ফৰায়

কুকুহাই ঢাকিছে আকাশ জোন-তৰা-বেলি একোৱেই নাই

অ’ মোৰ গৰখীয়া লগ, পোহৰ ক’ত
ছাই-লেটি-পেটি চকু-কাণ কটা
কাৰ পলৰ চাবত পৰিছোঁ বন্ধকী-পুখুৰীৰ মাছ

নাম ৰখাত চাপৰি বজাইছোঁ
নাম নোহোৱাত অলপ বিনাইছোঁ
ভিক্ষা দিছে আঁজলি পাতিছোঁ
দেহেৰে বন্ধাইছে আলি
শুই পৰি আছোঁ
কামিহাড় ভাঙিছে, নাই চিঞৰা
নিলামত ডাকিছে, চকু মুদি আছোঁ
ভৰি কাটি নিছে বাগৰি ফুৰিছোঁ
সহনশীলতাৰ জোৰ?

আৰম্ভণিৰ শেষ থকাৰ দূৰে শেষৰ পৰা
অন্য এক আৰম্ভণি

সংগীত হৈ বাজি উঠা নাই
ভয়াৰ্ত প্ৰাণতো তাৰেই গুণ্‌গুণনি

৫৭