এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কবিতাৰ অসুখ
কবিতাৰ অসুখ
কোঠাত ভৰিছে প্ৰেমৰ টনিক
নোদোকা শৰীৰত কফুৱা বুকু
বুকুত পে্ছমেকাৰ
ধূসৰ দৃষ্টিত সপোন-ঢুল্ঢুলীয়া প্ৰেমিক-চকু
কুকুৰীকণাৰ সন্ধ্যা, ওলট-পালট ৰং
প্ৰাণত গান্ধী-পুতলাৰ চং
হিয়াজালীত প্ৰেমজ দুগ্ম-বিষাদ-ক্ষোভ
বগলি এ সবাহলৈ নগলি কিয় ...........
সবাহত প্ৰেমৰ পালনাম
জুয়ে পোৰা ঘৰ এৰি কেনেকৈ যাম
হাতে ৰং শিঙাত আত্মমগ্ন ৰাগ
খং শিঙা চুবলৈ নাই হাত
সুখৰ গাৱঁত শুই কেতিয়াবা দুখৰ বেসুৰা গান
খহিছে ভেঁটি উটুৱাই নিছে নাম এক দূৰন্ত বান
ময়ো নাজানো পিতায়ে জানিছিল আৰু জানে
বোজা বোৱা ফুকলীয়া ল’ৰাই
কিমান উৰুখিলে মজিয়াত হয় দুখৰ বান
কিমান লঘোণত পথাৰত ধান হয়
কিমান বঞ্চনাত প্ৰতিবাদ হয়
কিমান মৃত্যুত আঘাত হয় প্ৰতিঘাত হয়
কবিতাৰ অসুখ
বুকুত সহৃদয় মাটিৰ দুখ
প্ৰেমৰ টনিক খুৱাই কিমান পাহৰাবা
পৃথিৱীৰ ঠেকেচা খোৱা মুখ
৫৮