দেহা হালে-জালে ভোকে
কি আছিলোঁ, কেনেকৈ আছোঁ নুসুধিবা
গাঁওখন নাই-মানুহবোৰ আছে কামিহাড় ৰ’দাই
ঋতুৱে ঋতুৱে নৈৰ জিভাই কলিজা চেলেকি যায়
দিনে দিনে বাঢ়ি আছে মাটি -পানীৰ আউল
পথাৰে নিদিয়া হ’ল চাউল
দেহা হালে-জালে ভোকে
আলিত চৰু, বালিত চৰু, কাণ ভঙা উদং চৰু
নদী আৰু নদীয়ালৰ সম্পৰ্ক লাহে লাহে
এচাৰি হেৰুৱাই বিননি জোৰা মইনা-আৰু এটা বৰ গৰু
ইয়াতে আছিল সেউজে- সবাহে ৰজন্জনাই গাঁও
থিয়ে পুতি ভলুকা থাউনি নাপাওঁ
টুলুং ভুটুং নাও ব’ঠা ভাঙে দুহাতেৰে বাওঁ
কোনোবাই মাতে ইয়ালৈ আহ, নৈয়ে ঠেলে গুচি যা
আপোন মৃতদেহ কান্ধত লৈ ক’লৈ যাওঁ মৰিশালি এৰি
পিতাইৰ পৰা মোৰ হাতলৈ মোনাটো ঢৌ-ছিটা ফটা
'জোনবাই এ’ বেজি এটি দিবা ...........
পাৰি জানো চিলাব ভোকৰ ওঁঠ
ভাত আহি গুচি যায় পাৰে পাৰে ভাতক ভাতে পায়
দেহা হালে-জালে ভোকে
তথাপি উজায় ফলি লোৱা ল’ৰাটোৰ স্বপ্ন
নাও বুৰে, ব’ঠা হেৰায়, সাকোৱা-আফলা-ডকা-চাকনৈয়াত
সাঁতুৰি নদীয়াল পাৰলৈ উজায়