পৃষ্ঠা:ঢৌ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেমহীনতা

দিয়া-লোৱাৰ হাটত
জাতিবাঁহৰ আখিৰ দৰে প্ৰেম
চকুৰে মাতি ভৰিৰে আগচি ধৰে বাট
সোণমইনা,
তই কেঁচুৱা হৈয়েই থাক

ইয়াত শৰীৰ ফুলে
দেহে মলেমলায়
ৰাতি ফুলা ফুলৰ বাগিছাত সাপ
মন-ফুল ক’ত?

শৰীৰবোৰ তিতে দোকোল-টকা বান
বুকুবোৰ ইমান খৰাং

খৰাঙৰ ভাঙিবলৈ ভেম
পানীৰ বাবে খান্দিবি কিমান
শিলনিত নাদ

পশ্চিম আকাশৰ পৰা আহি আছে শেন
চোঁ মাৰি ফালে মন নিলীমাৰ সৰু-বৰ চিলা

জুম বন্ধা ভৰি গিৰিপ্-গাৰাপ্
জোতাৰ তলত হালধীয়া পাত

প্ৰেম যৌৱনৰ উজ্জ্বলতম হেঁপাহ
জীৱনৰ চৰম আপোন
অচিন তলুৱাত
নিজক নেহেৰুৱাবি সোণ

৫১