পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী। লৰা-ছোৱালীকেইটি মৰিল। ৰবিয়ে ভাবিলে, সৰ্ব্বগ্ৰাহী, শোকসত্ত্বাপ- হাৰী মৃত্যুয়ে অশেষ কল্যাণ সাধিলে। এতিয়া ৰবিৰ পৰিয়ালৰ ভিতৰত অকল ৰবিহে জীয়াই আছে। এতিয়া আৰু তেওঁৰ ধন ৰক্ষাৰ বাট সুগম আৰু নিষ্কণ্টক হল। সংসাৰত অকলশৰীয়া হৈ থাকিবলৈ তেওঁ ভাল পোৱা হল। নিঠকৰ! 'হৈ তেওঁ ভাবিলে, ঈশ্বৰে যি কৰে ভাল- লৈহে কৰে।” ৩২ নোপমৰা আন্ধাৰ ৰাতি। আন্ধাৰত ওচৰৰ মানুহকে চিনিব নোৱাৰি। আকাশত তৰা দুই-এটিয়ে যাথোন অলপ অলপকৈ জিকমিকাব লাগিছে। জগৎ নিৰ্মাত-নিটাল; কতে। সাৰ-শিকতি নাই। শিয়ালৰ ‘হোৱা হোৱ৷' 'খেক্ থেক্' শব্দই এনে ভয়ঙ্কৰ ৰাতিক আৰু ভয়ঙ্কৰ কৰি তুলিছে। নিশাচৰ ফেঁচাৰ ‘নিও নিও’ হাতে কুসংস্কাৰী মানুহক —বিশেষকৈ তেনে ধৰণৰ আমাৰ বৰিক – বৰ ভয় খুৱাইছে; যম দতেহে যেন নিওঁ নিওঁকৈ মাতি তেও ক নিবলৈ আহিছে! বিয়ে আজি তেওঁৰ বৰ দুদ্দিন বুলি ভাবিলে। তেওঁ জা-জল পান অলপ খাই চাৰ্টি-ফুটি কৰি বিছনাত পৰিল। ৰাতি ভালেমান হল, তথাপি তেওঁৰ টোপনি অহা নাই। দুপৰ ৰাতি ৰবিয়ে কলা-ঘুমটীয়৷ অৱস্থাত দেখিলে,যেন তেওঁৰ পেৰ|- কেইটাৰ ভিতৰৰ ধন-সোণ বোৰে তেও ব মুৰে গাৱে পিয়াপি দি ফুৰিছে আৰু যেন কিবা এটা দাত-মুব নিকটাই ওচৰতে বৈ আছে। মূৰ্ত্তি দেখিয়েই তেওঁৰ চুৰ্ত্তি হেৰাল। কিন্তু ভয় খালে কি হব, আঙ্গি তেওঁৰ শেষ দিন —অন্তিম কাল উপস্থিত। আজি মৃত্যুৱে দেখা দিছে যেতিয়া ভয় থোৱা মিছা। অলপ পৰৰ পাচতে তেওঁৰ দে।-সাৰপৰা প্ৰাণ-পথী ভুৰুংকৰে উৰি লৰ মাৰিলে। পিচ দিনা ৰাতিপুৱ৷ বহুত বেলিলৈকে ৰবি হঠ৷ দেখি ওচৰ চুবুৰীয়াৰ