পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বান্ধকানিৰ পৰিনাম। US পৰা আৰু অমুকাই এনে বিধৰ মানুহক ওচৰকে চাপিব নিদিয়ে এই কথা বিয়া কৰোৱাৰ দুবছৰৰ মূৰত তেওঁৰ ছোৱালী এটি জন্ম হল, কিন্তু তাই ডেৰবছৰীয়া হৈয়েই মৰিল। বান্ধকানি ৰখিয়ে মুখৰে জীয়েক মৰ| বাবে মানুহৰ আগত বেজাৰ কৰেহে কৰে, কিন্তু পেটে-সমন্বিতে বোলে ভালহে পাইছিল, কাৰণ তেওঁৰ হেনো খৰচ কমিবৰ আৰু ভাগ্য সুপ্ৰসন্ন হবৰ আগন্তুকহে হৈছিল! ভবিষ্যৎ চিন্তা কৰিয়েই তেওঁ এনে ভাব পুঁহিছিল। কাৰণ তেওঁৰ মতে “ছোৱালী বুলিলেই শহ পহ্‌ কৰে বাঢ়ি যায়, চাওঁতে চাওঁতেই গাভৰু হয়; গাভৰু হলেই বিয়া দিব লাগে; বিয়া দিয়া মানে টকাৰ 'শৰাধ' কৰা!" ছয়-সাত বছৰৰ পাচত তেওঁৰ লৰা-ছোৱালী এখোপা হল। ৰবিয়ে সিঁহতে থাই ঢুকাব যেন দেখা হল আৰু সিহঁতক চকু পোন্দোৱাকৈ চোৱা হল ভাল বস্তু কিনিলে পইচা বেচি যায় দেখি ৰবিয়ে বেয়া ( কোনোমতে কাম চলা ) বস্তুহে কিনে; ঘৰত বেয়া বুলি আপত্তি কৰিলে ডাবিত সুৰাসুৰ কঁপায়। মাছৰ ভিতৰত পুঠি, বলিহা, যোৱ!, দৰিকণা তেওৰ বৰ ‘লাকটব বস্তু’ আছিল আৰু তেওঁ শলাগি-গুলাগি খাইছিল। আচল কথা, সক মাছ কিনিলে বহুত পইচা বাঁচে হেনো! লৰা- ছোৱালীহতে মাজে-সময়ে বাপেকক কাপোৰ-কানি খুঞ্জিলেও ডাবিহে খায়, বাপেকে উপযাচি দিয়া তো দূৰৰ কথা। ইয়াকে বোলে পেট মাৰি পইচ৷ সঁচা। বাছকানি মানুহৰ স্বভাৱেই এনে। সিহঁতে ধনৰ সজ ব্যৱহাৰ কৰিব নাজানে। কেনেকৈ টকা- পইচ। সাচিব ওৰে দিন, ওৰে ৰাতি তাৰহে চিন্তা, তাৰহে ভাবনা। এবাৰ উৎকট মেলেৰিয়া বেমাৰত বহুত দিন ভুগি মাহিউ, ছোৱালী- জনী মধিৰ আৰু তাৰ ছমাহৰ পাচত হাইজাত পৰি ঘেণীয়েক আৰু বাকী