পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কোনে বিশ্বাস কৰিব মোৰ গল্প

 মোক চামুচেৰে পানী খুৱাই থকা দয়াশীলা মহিলাগৰাকীয়ে বাৰে বাৰে মোক বাধা দি কৈছে—

 ‘চুপ কৰা। তোমাৰ কাহিনী আমি পাছত শুনিম।’

 কিবা এটা খাবলৈ মই অস্থিৰ হৈ পৰিলোঁ। পাকঘৰৰ পৰা দুপৰীয়াৰ কিবা সুস্বাদু খাদ্যৰ গোন্ধ ভাঁহি আহিছে। কিন্তু মোৰ সকলো অনুৰোধেই অগ্ৰাহ্য হ’ল।

 সিহঁতে ক’লে— ডাক্তৰ অহা নাই। ডাক্তৰ আহিলেহে হ'ব।

 দহ মিনিটৰ মূৰে মূৰে মোক চেনিৰ পানী খুৱাই থাকিল। কম বয়স্কা ছোৱালী এজনীয়ে মোৰ ঘা টুকুৰা গৰম পানীৰে পৰিষ্কাৰ কৰি দিলে। দিনটো ধীৰে ধীৰে এনেদৰেই শেষ হ’ল। মই বহুখিনি সুস্থতা অনুভৱ কৰিছোঁ। অনুভৱ কৰিছোঁ সতেজতা। মই নিশ্চিত, বিপদৰ কোনো ভয় নাই। বন্ধুভাবাপন্ন মানুহৰ পৰিচৰ্যাতে মই আছোঁ। তেওঁলোকে যদি চেনিৰ পানীৰ সলনি কিবা গোটা বস্তু খাবলৈ দিলেহেঁতেন, হজম কৰিব নোৱাৰি মোৰ শৰীৰৰ অৱস্থা তেতিয়া অধিক জটিল হ’লহেঁতেন।

 মোক উদ্ধাৰ কৰা মানুহজনৰ নাম দামাছোঁ ইমিতেলা। ন মাৰ্চৰ পুৱা দহ বজাত মই পাৰ আহি লাগিছিলোঁ। ওচৰতে মুলাটোছে ষ্টেচন। মোক শুশ্ৰূষা কৰা মানুহঘৰৰ কোনোবাই পাছত পুলিচ লৈ আনিলে। পুলিচৰ মানুহেও নাজানে জাহাজ দুৰ্ঘটনাৰ খবৰটো। আচলতে মুলাটোছৰ ফোনেও একো গম নাপায়। ইয়ালৈ বাতৰিকাকত এখনো নাহে। ইয়াৰ এখন দোকানত ইলেক্ট্ৰিক মটৰেৰে চলোৱা এটা ৰেফ্ৰিজাৰেটৰ আছে আৰু আছে এটা ৰেডিঅ'। কিন্তু ইয়াৰে কোনেও বাতৰি নুশুনে। পাছত দামাছ ইমিতেলাই পুলিচ ইন্সপেক্টৰক সাগৰৰ পাৰত উদ্ধাৰৰ সময়ত মই যিবোৰ কৈছিলোঁ, সেইবোৰ বৰ্ণনা কৰিছিল। তেতিয়া তেওঁলোঁকে ডেষ্ট্ৰয়াৰ কালডাছৰ দুৰ্ঘটনাৰ বিষয়ে কিবা খবৰ পায় নেকি জানিবলৈ ওৰে দিন মটৰচাইকেল চলাই কাৰটাজেনাৰ বাতৰি বিচাৰি ফুৰিছিল। কিন্তু ক’তো দুৰ্ঘটনাৰ খবৰ নাই। মাথোঁ যিদিনা সন্ধিয়া ঘটনাটো ঘটিছিল, তাৰে সামান্য বৰ্ণনাহে শুনিবলৈ পাইছিল তেওঁলোকে।

 পুলিচ ইন্সপেক্টৰৰ অধীনস্থ পুলিচসকলৰ উপৰি মুলাটোছৰ প্ৰায় ষাঠিজন মানুহ আহি গোট খালে মোক সাহায্য কৰিবলৈ। দুপৰীয়া তেওঁলোক সকলো ঘৰত আহি উপস্থিত হ’ল। তেওঁলোকৰ হাই-উৰুমিয়ে ভাঙি দিলে বাৰ দিনৰ মূৰৰ মোৰ গভীৰ নিদ্ৰা। ৰাতিটো অন্ত পৰাৰ আগতেই ঘৰটো উৎসুক মানুহেৰে ঠাহ খাই পৰিল ৷ পাছৰ দিনসমূহতো সকলো ঠাইতে এই ভিৰ অব্যাহত থাকিল। তেওঁলোকে হাতে হাতে লেম্প আৰু জোঁৰ লৈ আহি ওলাইছিল মোক চাবলৈ। পুলিচ ইন্সপেক্টৰে তেওঁৰ

৮৬