পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰিলোঁ। প্ৰথমে মোৰ ভাব হৈছিল যে এটা সম্পূৰ্ণ হাঙৰকে খাই পেলাব পাৰিম। কিন্তু দুটুকুৰামান খোৱাৰ পাছতে পেট ভৰি গ'ল। এটা মুহূৰ্ততে সাত দিনৰ ভয়ংকৰ ক্ষুধা পূৰ হৈ গ'ল। দেহত বল ঘূৰাই পোৱা যেন লাগিছে এতিয়া। যেন প্ৰথম দিনটোৰ দৰে বলৱান। আগতে জনা নাছিলোঁ যে কেঁচা মাছে পানীৰ তৃষ্ণাও দূৰ কৰে। এতিয়া দেখিলোঁ মাছটোৱে মোৰ ক্ষুধা আৰু তৃষ্ণা দুয়োটাই দূৰ কৰিছে। এতিয়া মোৰ মনত আশাৰো সঞ্চাৰ হ’ব ধৰিছে। বেছ কিছুদিনলৈ খাদ্য সঞ্চিত হ’ল এতিয়া। এই আধা মিটাৰ দীঘল মাছটোত মই মাত্ৰ দুটাহে কামোৰ দিছোঁ।

 মাছটোক কামিজটোৰে মেৰিয়াই বোটখনৰ তলৰ ফালে থৈ দিলোঁ— যাতে সতেজ হৈ থাকে। কিন্তু পাছত প্ৰথমে ধুই ল’বলৈ ফিচাত ধৰি বোটৰ একাষলৈ আনিলোঁ। হাঙৰৰ কথা মনলৈ নাহিল। মাছটো সাগৰৰ পানীত নমাই দিয়াৰ লগে লগেই এটা হাঙৰৰ ভয়ংকৰ খুন্দা অনুভৱ কৰিলোঁ। সৰ্বশক্তিৰে মই মাছটো ধৰি থাকিলোঁ। কিন্তু হাঙৰটোৰ খুন্দাত মই পৰি গ'লোঁ বোটৰ ওপৰত। তথাপি মই এৰি দিয়া নাই মাছটো। ধৰি আছোঁ প্ৰাণপণে। সেই মুহূৰ্তত মোৰ অলপো খেয়াল হোৱা নাই যে হাঙৰে এটা কামোৰত মোৰ হাতখনেই ছিঙি লৈ যাব পাৰে।

 দুৰ্ভাগ্য! মোৰ হাত খালী কৰি হাঙৰটোৱে চিকাৰ লৈ পলাই গ'ল। খং-হতাশাৰে ব’ঠাপাট লৈ বোটৰ কাষত থকা হাঙৰটোৰ মূৰতে মাৰ এটা শোধাই দিলোঁ। জাপ মাৰি উঠিল সি। নিৰ্ভুল কামোৰ তাৰ— ব’ঠাপাট অনায়াসে ভাঙি খাই পেলালে সি।

৬০