পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
জনকাব্য

তোমাৰ কটা তামোল  নাখাওঁ, ঐ লাহৰী,
 আমাৰ মৰি যাব কুল।
অজাতি নহওঁ মই,  বিজাতি নহওঁ মই,
 তোমাৰ আমাৰ একেটি কুল॥ ৩৫১।

তামোলৰ আমোল- মোল, লগৰীয়া,
 তামোলৰ আমোল-মোল।
ক’ৰ পৰা আহিলি  দেৱা চালি খোৱাটো,
 তামোলৰ নাজান মোল॥ ৩৫২।

তিতাকৈ কেৰেলা  লহঙে-পহঙে,
 মিঠানো নহলি কিয়।
তইনো পিলিঙা  লহঙে-পহঙে,
 একে কুলৰ নহলি কিয়॥৩৫৩৷

কাপোৰত বাচিলোঁ  ইলাচি-বিলাচি,
 ৰিহাত বাচি গলো কেচ্।
কটা তামোলখনি  খোৱাঁ লাহে কৰি,
 লাগিছে কি গুণে পেচ॥ ৩৫৪।

ফুলনি বাৰীলৈ  চাই পঠিয়ালোঁ,
 ধুনৰ কোন পাহি ফুল৷
তোমাৰ লগতে  দেহা দিলোঁহেঁতেন,
 তুমি হলা অজাতি কুল॥ ৩৫৫।