পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ফাগুনী

আমাৰো যৌবন কাল,  তোমাৰো যৌবন কাল,
 যৌবন কাল নাথাকে ৰৈ।
তুমি মন কৰি  চোৱাঁ, প্ৰাণেশ্বৰী,
 পাটিত নাই তোমাৰে পৈ॥ ৩৪৬।

কাঁহীতো নাখাওঁ মই,  বাটিতো নাখাওঁ মই,
 সঁফুৰাত নাখাওঁ মই গুৱা।
মনৰে হেপাহৰ  নাপাওঁ মানে ডেকাটি,
 দেহাটি নকৰোঁ ছুৱা॥ ৩৪৭।

দিখৌৰ দঁড়িয়লিত  পল বাইছিলোঁ,
 চাবত ধৰি গ’লোঁ কাছ।
একেজন ঈশ্বৰে   আটাইকে স্ৰজিছে,
 কতক ভাল-বেয়া বাচ॥ ৩৪৮৷

ইৰিনা-বিৰিনা  গোহাঁইদেৱৰ লিগিৰা,
 ৰঙাকৈ বিচনি লৈ।
কঁকালৰ গামোচা  কৰে তিৰ-বিৰ,
 তামোল দি-এ যোৱাঁ ৰৈ॥ ৩৪৯।

ফুলামকৈ গামোচা   ৰঙা শেল দিয়া,
 আমাৰ কটা তামোল খোৱাঁ৷
লাহৰী হাতেৰে   ঠুৰিয়াই নুৰিয়াই,
 আমাকো এখনি দিয়াঁ॥ ৩৫০৷