পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
আকুল পথিক

বগাকৈ বগলী  উৰে জাকি মাৰি,
 পাখিতে লগালে পাখি।
আমি উৰণীয়া  উৰিবলৈ নাপালোঁ
 মুখতে মুখখনি যাচি॥ ২৩১।

সৰুৰ এ পৰা,  হেৰা প্ৰাণেশ্বৰী,
 আছিলোঁ তোমাকে ধিয়াই।
আথানি-আবানি  কৰি এৰি গলা,
 লগনীয়া কথাকে পাই॥ ২৩২।

ন-আলি বন্ধালে  ন-জন কোঁৱৰে,
 টেক্সি আলি বন্ধালে কোনে।
একেখন হাঁচতিত  তামোল খাই আহিলোঁ,
 তাৰো মন ভঙালে কোনে॥ ২৩৩।

বাৰীৰ আমখৰি  ফালিম কেনেকৰি,
 জ্বলাম কেনেকৰি জুই।
মনৰ আশাটি  মনতে মাৰ গল,
 টোপনি নধৰে শুই॥ ২৩৪।

ডিবুৰুগড়তে  কিনো নাইকিয়া,
 আছে মুগা-বোৱা ৰাঁচ।
তোমাক ভাবি-চিতি মৰোঁ কলমতিয়াই,
 যেন বিহলগা মাছ॥ ২৩৫।